Khatara Satra located at village Khatara in Dipila Mouza of Darrang Dist. Khatara Satra lies at a distance of almost 20 K.M west of Mangaldai, the head-quarter of Darrang Dist.
Khatara Satra having glistened with its own glory, was founded by Lechakonia Govinda Aatoi in 1568 A.D. Govinda Aatoi was prominent amongst the 12 Dharmacharyya of Madhavdev.
In Assamese -
সত্ৰত লিপিবদ্ধঃ--
দেখিলন্ত মণ্ডুকে সৰ্পগিলি আছে তাত।
লেঞ্জেমেৰাই আছে তাত ঘোৰ যে লতাত।।
সিংহক দেখিয়া শৃগালৰ মহাভয়।
সৰ্পক দেখিয়া মণ্ডুকৰো সেহে নয়।।
সৰ্পই মণ্ডুক গিলে জানয় সকলে।
কিনো অদভূত সৰ্প গিলিছে ভেকোলে।
কালক ভক্ষকে গিলে গোৱিন্দেও চায়।
তাহাতে কৰিলা ভেটি মনে ভল পায়।। এই অদ্ভুত ঘটনা দেখিয়েই স্থানৰ মাহাত্ম্য বুজি শ্ৰীশ্ৰীগোৱিন্দ আতাই ১৫৬৮ খৃঃত স্থাপন কৰিছিল খটৰা সত্ৰ।ইং ১২/৩/০২ তাৰিখে পূৰ্ব্বৰ ঘটনাৰে পুনৰাবৃতি হৈছিল। সেই দিনা সত্ৰৰ চক্ৰ শিলৰ ওচৰত এটি বামুন ভেকোলাই বিসাক্ত সৰ্প এটি সত্ৰৰ দেউৰী সকলৰ সন্মুখতে গিলি পেলাইছিল।ইং ২/৮/২০০০ তাৰিখে খটৰা সত্ৰৰ ওচৰৰ ননৈ নদীৰ মথাউৰী ভঙা প্ৰৱল বানপানীয়ে হাতীমাৰা,খটৰা,খাছদিপীলা,কমাৰ গাৱৰ উপৰিও কেইবাখনো গাওঁ প্লাবিত কৰি পেলাইছিল।সকলো খাল-পুখুৰী পুতি পেলাইছিল। কিন্তু পানীত ডুব নোযোৱাকৈয়ে থাকিল সত্ৰৰ কীৰ্ত্তন ঘৰ, কাৰ্য্যলয়, প্ৰসাদ ধোৱা আৰু সত্ৰৰ বৰ পুখুৰী।পুনৰ ইং ৮/৭/০৪ তাৰিখে মথাউৰী ভাঙি হোৱা বানপানীত সকলো ঠাই ডুবাই পেলালে অক্ষত হৈ থাকিল খটৰা সত্ৰৰ কীৰ্ত্তন ঘৰ, প্ৰসাদ ধোৱা আৰু সত্ৰৰ বৰ পুখুৰী।এই পবিত্ৰ সত্ৰ খনৰ মাহাত্ম্যৰ প্ৰতি আকৃষ্টহৈ আধ্যাত্মিক শক্তি বিচিৰি এতিয়া শ শ ভক্তৰ আগমন হৈছে খটৰা সত্ৰলৈ।
No reviews yet. Be the first to add a review.